উৰুকাৰ অভিশপ্ত স্মৃতিঃ ২৪ বছৰে ভোগালী বিহু নপতা গাঁওখন

গুৰুত্বপূৰ্ণঃ ভোগালী বিহু বুলি ক’লেই প্ৰতিজন অসমীয়াৰে মনত আনন্দ-উচাহৰ অন্ত  নাই।  সেয়ে এতিয়া কেউদিশে ভোগালীৰ ব্যাপক প্ৰস্তুতি। বাপতিসাহোন ভোগালীৰ এনে আয়োজনৰ মাজতে অসমত এনে এখন গাঁও আছে, য’ত আজি ২৪ বছৰে পালন কৰা হোৱা নাই ভোগালী বিহু। কিয়নো ভোগালী বিহুৰ উৰুকাৰ সৈতে জড়িত আছে গাঁওখনৰ এক ভয়ংকৰ স্মৃতি। ২৪ বছৰ আগেয়ে হৈ যোৱা কথাবোৰ মনত পেলাই প্ৰতিটো ভোগালীতে আনন্দৰ সলনি আতংকিত হৈ পৰে গাঁওখনৰ ৰাইজ। শোকত কান্দি উঠে তেওঁলোকৰ হৃদয়।

এই গাঁওখন হ’ল তামুলপুৰৰ কেকেৰীকুছি গাঁও। এই গাঁওখনতে ২৪ বছৰ আগতে অৰ্থাৎ ১৯৯৮ চনৰ ১৩ জানুৱাৰীত অচিনাক্ত আততায়ীয়ে নিৰ্বিচাৰ গুলীচালনাৰে হত্যা কৰিছিল চাৰিটা পৰিয়ালৰ আবাল-বৃদ্ধ-বনিতাসহ ১৭গৰাকীকৈ নিৰীহ লোকক। এই ঘটনাৰ পিছৰে পৰা গাঁওবাসীয়ে পালন কৰা নাই ভোগালী বিহু।

ভোগালীৰ ভোজভাতৰ আয়োজন চলি থকাৰ সময়তে ১৭ সতীৰ্থক হেৰুওৱাৰ শোক আজিও শিল হৈ ৰৈছে গাঁওবাসীৰ মনত। ভোগালী বিহুৰ দুটা দিনত গাঁওবাসীয়ে উক্ত হত্যাকাণ্ডৰ বলি হোৱাসকলৰ স্মৃতিত শ্বহীদবেদীত শ্ৰদ্ধাঞ্জলি অৰ্পণৰ কাৰ্যসূচী পালন কৰে। উৰুকাৰ নিশা উজাগৰে থাকি বন্তি প্ৰজ্বলন কৰে শ্বহীদৰ সোঁৱৰণত।

এইদৰে কেকেৰীকুছিত উৰুকা এক আনন্দ-উৎসৱৰ নিশাৰ পৰা আতংকৰ নিশাত পৰিণত হৈ আছে যোৱা ২৪ বছৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Next Post

আঙুৰলতাৰ গাত বিহু: বনাইছে পিঠা-লাড়ু

Tue Jan 12 , 2021
গুৰুত্বপূৰ্ণ ডেস্ক: বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখা যায় বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাক। ভোগালী বিহুৰ প্ৰাকক্ষণত বিধায়িকাগৰাকীক এইবাৰ দেখা গ’ল পিঠা-লাড়ু প্ৰস্তুত কৰাত।  এই সম্পৰ্কে ডেকাই ফেচবুকত লিখিছে-“……আজি বটদ্ৰৱাৰ জাজৰিত মোৰ পৰম শ্ৰদ্ধাৰ মহিলা সকলৰ সহিতে ঢেঁকী দি চাউল খুন্দি পিঠা লাৰু বনাই ভোগালীক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাওঁ৷ সকলোৰে মুখত ফুটি […]
Guruttopurna