যৌনকৰ্মীৰ পৰা দূৰত থাকক, ক’ত এই পোষ্টাৰ?

গুৰুত্বপূৰ্ণঃ কৰনাভইৰাছৰ ফলত স্কুল-কলেজৰ পৰা বিভিন্ন গুৰুত্বপূৰ্ণ কামকাজ ব্যাহত হৈ পৰিছে । কিন্তু তাৰ মাজতো অব্যাহত আছে যৌনতাৰ বেহা । যেন একাংশৰ বাবে শৰীৰৰ ক্ষুধাই সৰ্বস্ব ।

যৌনতাৰ সুখ বিচাৰি গ্ৰাহকে যৌনকৰ্মীসকলৰ কাষ চাপিলেও ভাইৰাছ সংক্ৰমণৰ ভয়ে চিন্তিত কৰিছে ৰেড লাইট এৰিয়াত বাস কৰা লোকসকলক ।

সেয়ে মুম্বাইৰ বিখ্যাত ৰেড লাইট এৰিয়া কামাথিপুৰাত একাংশ স্থানীয় লোক আৰু সমাজকৰ্মীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । অঞ্চলটো যাতে কভিড-১৯ ৰ হটস্পট হৈ নপৰে তাৰ বাবে তেওঁলোকে আৰিছে প্ৰায় ২৫০খন পোষ্টাৰ । পোষ্টাৰৰ জৰিয়তে গ্ৰাহকক যৌনকৰ্মীসকলৰ পৰা আঁতৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে ।

অঞ্চলটোৰ ৰুকেশ গিৰোলা, সাইনাথ মিত্ৰ মণ্ডলৰ প্ৰতিনিধি আৰু সুৰেশ পাব্বা নামৰ ৰাজহুৱা কৰ্মীগৰাকীয়ে এই অভিযানৰ নেতৃত্ব গ্ৰহণ কৰিছে । বিগত মাহত কামাথিপুৰাৰ প্ৰায় এহাজাৰ বাসিন্দা আৰু ব্যৱসায়ীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, দক্ষিণ মুম্বাইৰ সাংসদ আৰু পৌৰ নিগমৰ বিষয়বীয়ালৈ পত্ৰ প্ৰেৰণ কৰি গ্ৰাহকক ৰেড লাইট এৰিয়াটোত প্ৰৱেশ কৰাত বাধা প্ৰদানৰ বাবে অনুৰোধ জনায় ।

লকডাউনৰ সময়ত যৌন ব্যৱসায় নিয়ন্ত্ৰণত আছিল যদিও আনলক আৰম্ভ হোৱাৰ পাছতে যৌনকৰ্মীসকলৰ ওচৰত গ্ৰাহকৰ সোঁত আৰম্ভ হয় ।

এই সন্দৰ্ভত এগৰাকী স্থানীয় লোক তথা সমাজকৰ্মীয়ে কয়—কামাথিপুৰালৈ সমগ্ৰ মুম্বাইৰ পৰাই গ্ৰাহক আহে । তেওঁলোকৰ গাত কভিড নাই বুলি কোনে কব পাৰিব? এনেদৰে অবাধে যদি গ্ৰাহকৰ ভিৰ চলি থাকে, তেনেহলে যৌনকৰ্মীসকল আক্ৰান্ত হোৱাৰ লগতে সমগ্ৰ কামাথিপুৰাই হটস্পট হৈ পৰিব ।

সমীৰ চাবলে নামৰ এগৰাকী সমাজকৰ্মীৰ মতে মাস্ক, হেণ্ড গ্লোভছ, চেনিটাইজাৰ বা কণ্ডমে যৌনকৰ্মীসকলক কৰনাৰ পৰা ৰক্ষা কৰিব নোৱাৰে । কিয়নো এই ব্যৱসায়ত শাৰীৰিক দূৰত্ব বুলিবলৈ একোৱেই নাথাকে ।

উল্লেখযোগ্য যে কামাথিপুৰাত বেশ্যালয় থকাৰ লগতে আন ব্যৱসায়িক প্ৰতিষ্ঠানো আছে ।  অঞ্চলটোত আন বৃত্তিৰ সৈতে জড়িত লোকেও বাস কৰে ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Next Post

Bills to create Moran, Matak, Kamatapur autonomous councils passed

Fri Sep 4 , 2020
GURUTTOPURNA: The Assam Legislative Assembly today paved the way for formation of three new autonomous councils in the State by passing the Moran Autonomous Council Bill, 2020, the Matak Autonomous Council Bill, 2020 and the Kamatapur Autonomous Council Bill, 2020. The three Bills were moved in the State Assembly by […]
Guruttopurna