আমেৰিকাৰ পাঠ্যক্ৰমত যাদৱ পায়েং

গুৰুত্বপূৰ্ণ: অৰণ্য মানৱখ্যাত অসমৰ যাদৱ পায়েঙৰ কৰ্মৰাজিক আমেৰিকাৰ শিক্ষানুষ্ঠানে পাঠ্যপুথিত সন্নিবিষ্ট কৰাত আনন্দ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে লিখিছে-“ভাৰতৰ অৰণ্য মানৱ, ‘পদ্মশ্ৰী’ যাদৱ পায়েংদেৱৰ পৰিৱেশ সচেতনতা আৰু প্ৰকৃতিৰ সৈতে থকা আত্মীয়তাই কেৱল আমাৰ দেশৰে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনগণক উদ্বুদ্ধ কৰিছে। সুদূৰ আমেৰিকাৰ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত তেখেতৰ বিষয়ে অন্তৰ্ভুক্ত হোৱাটোৱে প্ৰতিফলিত কৰিছে- বিশ্বজুৰি থকা তেখেতৰ সুনামৰ কথা।

পায়েংদেৱৰ এই স্বীকৃতিত অসমবাসী গৌৰৱান্বিত। তেখেতৰ কৰ্মচেতনাৰে অনুপ্ৰাণিত হৈ আমি সকলোৱে পৰিৱেশ তথা জৈৱ-বৈচিত্ৰতাৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে একেলগে কাম কৰি যাব লাগিব।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Next Post

পৰেশ বৰুৱাৰ সাক্ষাৎ লভা সাংবাদিক প্ৰদীপ গগৈৰ মৃত্যু

Fri Oct 30 , 2020
ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ গগৈৰ মৃত্যু। শুকুৰবাৰে বিয়লি ডিব্ৰুগড়ৰ সৃষ্টি হাস্পতালত মৃত্যু সাংবাদিকগৰাকীৰ। দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল গগৈ। আলফাৰ(স্বাধীন) সেনাধ্যক্ষ পৰেশ বৰুৱাক সাক্ষাৎ কৰিছিল প্ৰদীপ গগৈয়ে। সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য আৰু গগৈ উপস্থিত হৈছিল আলফাৰ গোপন শিবিৰত। Picture credit: Rajeev Bhattacharyya
Guruttopurna