গুৰুত্বপূৰ্ণ ডেস্কঃ বিত্তমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ Z কেটেগৰী নিৰাপত্তা প্ৰদানক লৈ নতুন নিৰ্দেশনাৱলী প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।
এতিয়াৰে পৰা দেশৰ আটাইকেইখন ৰাজ্যতে তেওঁক প্ৰদান কৰা হ’ব Z কেটেগৰীৰ নিৰাপত্তা ব্যৱস্থা।
উল্লেখ্য যে ইয়াৰ আগতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম, উত্তৰ-পূবতহে পাইছিল এই সুৰক্ষা। আনহাতে ৰাজধানী দিল্লীত মন্ত্ৰীগৰাকীয়ে পাব Y কেটেগৰীৰ নিৰাপত্তা ব্যৱস্থা।