আঙুৰলতাৰ গাত বিহু: বনাইছে পিঠা-লাড়ু

গুৰুত্বপূৰ্ণ ডেস্ক: বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখা যায় বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাক। ভোগালী বিহুৰ প্ৰাকক্ষণত বিধায়িকাগৰাকীক এইবাৰ দেখা গ’ল পিঠা-লাড়ু প্ৰস্তুত কৰাত। 

এই সম্পৰ্কে ডেকাই ফেচবুকত লিখিছে-“……আজি বটদ্ৰৱাৰ জাজৰিত মোৰ পৰম শ্ৰদ্ধাৰ মহিলা সকলৰ সহিতে ঢেঁকী দি চাউল খুন্দি পিঠা লাৰু বনাই ভোগালীক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাওঁ৷ সকলোৰে মুখত ফুটি উঠা এক অপূৰ্ব হাঁহি আৰু মনত সুখৰ চানেকিয়ে মোক অত্যন্ত আনন্দিত আৰু আপ্লুত কৰিলে৷

এইবেলি ভোগালীত হাঁহি, ধেমালি, আনন্দৰ মাজত প্ৰতিজন অসমীয়াই ভোগালীৰ ভোগেৰে মন প্ৰাণ উপচাই তোলক তাৰেই কামনা কৰিলোঁ৷ ধন্যবাদ৷”

Leave a Reply

Your email address will not be published. Required fields are marked *

Next Post

দেশজুৰি Z কেটেগৰীৰ নিৰাপত্তা পাব হিমন্ত বিশ্ব শৰ্মাই

Wed Jan 13 , 2021
গুৰুত্বপূৰ্ণ ডেস্কঃ বিত্তমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ Z কেটেগৰী নিৰাপত্তা প্ৰদানক লৈ নতুন নিৰ্দেশনাৱলী প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা দেশৰ আটাইকেইখন ৰাজ্যতে তেওঁক প্ৰদান কৰা হ’ব Z কেটেগৰীৰ নিৰাপত্তা ব্যৱস্থা। উল্লেখ্য যে ইয়াৰ আগতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম, উত্তৰ-পূবতহে পাইছিল এই সুৰক্ষা। আনহাতে ৰাজধানী দিল্লীত মন্ত্ৰীগৰাকীয়ে পাব Y […]
Guruttopurna